পৃষ্ঠা:ওভতনি যাত্ৰা আৰু অন্যান্য.pdf/৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ঘূৰ্ণিত পৃথিৱী

এক

 কথাটো হয়তো এনেকৈ ধৰি ল'ব পাৰি যে মানুহজনৰ কোনোবা এফালে যাবলৈ একধৰণৰ খৰখেদা হৈছিল। ছিটিবাছত তেওঁ যেতিয়া জঁপিয়াই উঠিছিল, তেওঁৰ বাঁওহাতৰ চেপৰপৰা বগা কাপোৰ এডোখৰ পৰি যোৱাৰ উপক্ৰম হ’ল। সেইডোখৰক চম্ভালিবলৈ যাওঁতে দৃশ্যটো অলপ হাস্যকৰ যেনেই হৈ পৰিল। কিন্তু তাকে কৰোঁতে কাপোৰডোখৰৰ ভাঁজটো অলপ খোল খাই গ'ল আৰু বাছখনৰ ভিতৰৰ কিছুসংখ্যক যাত্ৰীয়ে মন কৰিলে যে সেইটো এটা এপ্ৰন।

 ভায়’লিনৰ ক্লাছ সামৰি ভৰলুমুখৰ এই বাছ ষ্টপটোত সচৰাচৰ এনেকুৱা সময়তে বাছত উঠিবলৈ নিতাই খৰখেদা লগায়। মহিলাৰ বাবে কেইখনমান আসন সংৰক্ষিত হৈ থাকিলে কি হ’ব, সেইবোৰ আগৰ কোনোবা একোটা ষ্টপতে ভৰ্তি হৈ আহে! ইমানবোৰ মানুহ যে সদায়-সদায় ক’লৈ গৈ থাকে!

 অভ্যাস হৈ গৈছে। অফিছ-কাছাৰী ছুটী হোৱা এই আহুকলীয়া সময়ছোৱাত বাছৰ ভিৰৰ মাজত থিয় হৈ, বহি, সৰীসৃপৰ দৰে পেট-বুকু-পিঠি ভাঁজ কৰি আগুৱাই-পিছুৱাই এছোৱা বাট ভ্ৰমণ কৰাৰ অভ্যাস নিতাৰ হৈ গৈছে। অলপ মস্কিল হয় ভায়’লিনখনক লৈ। মানুহক দিগদাৰি নিদিয়াকৈ ভায়’লিনৰ কঁকাল-চিঁয়া বাকচটো ক'ৰবাত সুমুৱাই দিব পাৰিলেই হ’ল; উজানবজাৰ নাইবা বাৰোৱাৰী নামঘৰৰ বাছষ্টপত ননমালৈকে এই বাটছোৱা নিশ্চিন্তমনে যাব পৰা যায়।

 কিন্তু নিশ্চিন্ত মন বুলি এই পৃথিৱীত জানো সঁচাকৈয়ে কিবা এটা আছে? দেউতাক নাথাকিলেও তাইৰ মাকৰ চাকৰিটো থকালৈকে জানিবা টকা-পইচাৰ চিন্তাটো নাই, কিন্তু এই যে মানুহে সোধে,—যোৱা মাহত যে কিবা এটা সম্বন্ধ আহিছিল, সেইটোৰ কি হ’ল?—তেনেকুৱা কথাবোৰে মনটোক অনবৰতেই অস্থিৰ কৰি ৰাখে। সোণাপুৰৰ ফালৰপৰা এটা প্ৰস্তাৱ অহাৰ কথাটো সঁচা; কিন্তু বিয়া-বাৰুৰ সিদ্ধান্তবোৰতো আৰু ‘মেগি’ তৈয়াৰ কৰাৰ দৰে দুই মিনিটতে কৰিব নোৱাৰি; সময় লাগে।

 কিবা কথাত বেয়া পাই খাৰঘুলি পাহাৰৰ এই ঘৰটো এৰি নিতাৰ খুৰাকহঁতৰ পৰিয়ালটোও জালুকবাৰীৰ ফালে উঠি গৈছে। একেখন মহানগৰীত থাকিও সম্পৰ্ক