পৃষ্ঠা:ওভতনি যাত্ৰা আৰু অন্যান্য.pdf/৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
শেষ চিঠি /৮১
 


কথাখিনিত মোৰ অলপ খেলিমেলি লাগিল। সন্দেহৰ এছাটি বতাহে মোৰ গাৰ নোমবোৰ কঁপাই গ'ল। কিছুসময় তেনেকৈয়ে থাকি মই কুকিক ক’লো,—“ভেলুক অকণ মাতি আনিব পাৰিবি?”

 একো উৱাদিহ নাপালেও কুকি বিদ্যুৎ-বেগেৰে দৌৰি গ'ল। আৰু কেইমিনিটমানৰ ভিতৰতে ভেলুক লৈ সি উভতিল। এজাপ চিঠি উলিয়াই মই ভেলুক ক’লো,- চিঠিবোৰৰ ছীল-মোহৰবোৰ ভালকৈ চাচোন ভেলু, ধৰিব পাৰিবিনে এইবোৰ ক'ৰ পৰা অহা?”

 ৰহস্য গল্পৰ গোয়েন্দা এজনৰ নিষ্ঠা আৰু একাগ্ৰতাৰে ভেলুৱে চিঠিবোৰ তন্ন তন্নকৈ পৰীক্ষা কৰিলে আৰু কিছুসময়ৰ পাছত এটা সিদ্ধান্তত উপনীত হোৱাৰ দৰে মুখভংগী কৰি ক’লে,—“পুৰণি দুখনমান চিঠিহে আমেৰিকাৰ। পিছৰবোৰৰ আখৰ সেইদুখনৰ লগত নিমিলে৷ ভিতৰৰ কথাখিনি আন কোনোবাইহে লিখা।”


 আন কোনোবাই মানে? কোনে?

 মই চন্দনৰ টেবুলৰ পৰা তাৰ আখৰৰ নমুনা সংগ্ৰহ কৰিলো। এইবাৰ ভেলুৰ চকুদুটা জিলিকি উঠিল। “মিলি গৈছে”—সি ক’লে।

 মই বুজি উঠিলো যে বাবনৰ শেষ চিঠিখন কেতিয়াবাই আহি গৈছে, য’ত সি লিখিছে যে ঘৰলৈ ওভতা তাৰ পক্ষে আৰু সম্ভৱ নহ'ব। মই ভাগি পৰোঁ বুলি, জীয়াই থকাৰ আশা হেৰুৱাই পেলাওঁ বুলি চন্দনে চিঠি লিখি লিখি ডাকত দিছিল। এজনী অসহায় মাকক আশ্বস্ত কৰিবলৈ জীৱনৰ আন ক’তো কামত লগাব নোৱৰা আৰ্কানছাছ নদী, উত্তৰ এৰিজোনাৰ বতৰৰ জ্ঞান সি কামত লগাইছিল।


দৈনিক জনসাধাৰণ, শৰৎ সংখ্যা, ২০০৩