পৃষ্ঠা:ওভতনি যাত্ৰা আৰু অন্যান্য.pdf/৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
শেষ চিঠি /৭৯
 


দেউতাক জানো মুক্তিযুঁজাৰু বুলি স্বীকৃতি দিয়া নাই? আমাৰ এই অঞ্চলৰ মানুহখিনিয়ে আমাক জানো সম্ভ্ৰমৰ দৃষ্টিৰে চোৱা নাই? টকা-পইচা আৰু মৰ্যাদা নামৰ সম্পদ দুবিধৰ ক্ষেত্ৰত ঈশ্বৰে আমাৰ সৈতে এই পৰ্যন্ত ধেমালি-ধুমুলা কৰা নাই। মোৰ শাৰীৰিক অৱস্থাটো অলপ আহুকলীয়া হ'লেও কাৰো প্ৰতি মোৰ ভীষণ অভিযোগ নাই।

চাৰি

 এতিয়া মই চিঠিৰ আখৰ পঢ়িব নোৱৰা হৈছোঁ। দুপৰীয়া পিয়নজনে চিঠিখন দি গ'লেও চন্দন অহালৈ বাট চাই থাকোঁ। সি আজৰি হৈ চিঠিখন হাতত নোলোৱালৈকে মই অস্থিৰ হৈ থাকোঁ। অজান আশংকাত কেতিয়াবা মোৰ হাত-ভৰি কঁপে। কিন্তু সেইখন পঢ়িবলৈ সি জানো আগ্ৰহ দেখুৱায়? মোৰ এই এটা অসুবিধা। কিমানদিন ভাবোঁ, আনৰ ওপৰত নিৰ্ভৰ নকৰাকৈ চলিম। পৰাপক্ষত লোকক আমনি নকৰাকৈ থাকিম। অথচ ইমান স্বাধীনতা মোক মোৰ শৰীৰে নিদিয়ে। শেষপৰ্যন্ত কাৰোবাৰ ওচৰত শৰণাপন্ন হ’বলগীয়া হ’বই। ইয়াৰ বাবে মইনো কাক জগৰীয়া কৰিব পাৰোঁ? নগৰলৈ গৈ চকুৰ ছানি কটোৱাৰ কথাটো চন্দনে দুদিনমান উলিয়াইছিল। পিছে মইহে হেলা কৰি থাকিলো। চলিয়েইতো আছোঁ! অইন কামততো অসুবিধা হোৱা নাই!

 খুব দৰকাৰত পৰিলে মই আমাৰ চুবুৰীয়া হৰনাথৰ পুতেক ভেলুক মতাই আনো। সি মাজে মাজে ইটো-সিটো আনি দিয়ে। এপোৱা চেনি, একলিটাৰ কেৰাছিন, মমবাতি দুডাল,—এনেকুৱা হঠাতে অনাবলগীয়া সামগ্ৰীৰ ক্ষেত্ৰত মোৰ ভাৰসা ভেলু। অৱশ্যে সিও স্কুলৰ ওপৰ শ্ৰেণী পাইছে, হৰনাথে তাৰ পঢ়া-শুনাৰ প্ৰতি অধিক গুৰুত্ব দিবলৈ আৰম্ভ কৰিছে,—গতিকে এতিয়া ভেলুক আমনি কৰিবলৈ ভাল নালাগে।

 এনেকুৱা সময়তেই চন্দনৰ ওপৰত খং উঠে। ঘৰখন কেনেকৈ চলিছে,—সি বাৰু তাৰ খবৰ ৰাখিব নালাগেনে? অথচ সি ব্ৰহ্মাণ্ডৰ খবৰ জানে। হয়, — প্ৰতিযোগিতামূলক পৰীক্ষাত বহিবলৈ, চাকৰিৰ ইণ্টাৰভিউ দিবলৈ সি জীৱনত কোনো কালেই প্ৰয়োজন নোহোৱা কিছুমান অদ্ভুত প্ৰশ্নৰ উত্তৰ মুখস্থ কৰি থৈছিল। চাকৰিৰ চিন্তাটো এতিয়া তাৰ মূৰৰ পৰা সমূলি ওলাই গ'ল। এতিয়া ঠিকা-ঠুকলিৰ নামত দিনৰ দিনটো সি বাহিৰত থকা কৰিছে। কোনো কাম-বন নোহোৱাকৈ, উপাৰ্জন নোহোৱাকৈ এটা ডেকা মানুহে কেনেকৈ বাৰু টলৌ টলৌকৈ ঘূৰি ফুৰিব পাৰে? কেনেকৈ বাৰু নিশ্চিন্তে টোপনি যাব পাৰে?

 নাই, মোক ল’ৰাহঁতৰ উপাৰ্জনৰ ধন নালাগে। মোৰ জীৱনটোৰ জোখাৰে চলিব পৰাকৈ এটা পেঞ্চন আৰু পিতৃ-পুৰুষৰ কিছু সাঁচতীয়া টকা আছে। কিন্তু চন্দনে কি

কৰিব? এই কথাষাৰ মনলৈ আহিলেই মোৰ বুকুৰ ধপধপনিৰ শব্দটো বেছি হয়।