পৃষ্ঠা:ওভতনি যাত্ৰা আৰু অন্যান্য.pdf/৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
শেষ চিঠি /৭৭
 


 “এইবোৰত কি লিখা আছে আইতা?” কুকিয়ে সোধে।

 “জানো! মই আখৰ পঢ়িব নোৱাৰো নহয়!”—মই কওঁ।

 “কিয়? তুমি মোৰ নিচিনাকৈ স্কুলত পঢ়া নাছিলা?”—সি পুনৰ সোধে।

 “নহয় অ’চকুৰে মনিবহে নোৱাৰো।”—মই অসহায়ভাৱে কওঁ। অৱশ্যে মোৰ সকলো উত্তৰ শুনি থাকিবলৈ তাৰ সিমান ধৈৰ্য নাই। মোৰ অসহায় অৱস্থাটো বুজিবলৈ তাৰ বোধশক্তিও হোৱা নাই। মই মনে মনে ভাবো, —এই বোধশক্তি নোহোৱালৈকেইতো সুখ! অথচ আমাৰ যে কত বিড়ম্বনা!

 চিঠি এখনৰ বাবে ৰৈ থাকোঁ। মাত এষাৰ শুনিবলৈ ৰৈ থাকোঁ দিনৰ পিছত দিন। খং উঠে। অভিমান হয়। সেই অনুভৱ, সেই বেথা ভাগ কৰি ল’বলৈ এই পৃথিৱীত এতিয়া মোৰ মানুহটো নাই। এনেকুৱা সময়ত মোৰ বিছনাখন থকা এই দহফুট বাই বাৰফুট কোঠালিটোকেই মই অতিক্ৰম নোৱৰা এখন বিশাল পৃথিৱী যেন লাগে।

তিনি

 আমেৰিকা।

 সেই দেশখনে হেনো কোটি কোটি মাইল দূৰৰ গ্ৰহ-উপগ্ৰহলৈ মহাকাশযান পঠিয়ায়। কোনো মানুহ-দুনুহ নথকা, আনকি উশাহ ল’বলৈ বায়ু অকণ নথকা মহাশূন্যলৈ মানুহ পঠিয়াই গৌৰৱ কৰে। তেওঁলোকে বাৰু ল'ৰা এটাক দুনিশাৰ বাবে তাৰ মাকজনীৰ ওচৰলৈ পঠিয়াব নোৱাৰেনে?

 গৰম পানীৰ বেগটোৰে সোঁভৰিৰ আঁঠুৰ ওপৰৰ এডোখৰ সেকি সেকি মই কেতিয়াবা চন্দনক সোধোঁ,—“বাবনৰ শেষ চিঠিখন কেতিয়া আহিছিল অ’?”

 “জানো! মনত নাই। দুই-তিনিমাহ হ’ল চাগৈ”— সিটো কোঠাৰ পৰা উত্তৰ আহে।

 “ওহোঁ”— মই মনে মনে এটা হিচাপ কৰি কওঁ,— “ছমাহৰ কম নহ'ব।”

 কিছুদিনৰ আগলৈকে ঠিকা-ঠুকলিৰ কামত চন্দন যেতিয়া বাহিৰলৈ ওলাই যায় আৰু ঘৰখনত কৰিবলৈ বিশেষ কাম-বন নাথাকে, তেনেকুৱা একোটা নিজঞ্জাল দুপৰীয়া, একো ভাল নলগা মুহূৰ্তত মই সযতনে সাঁচি থোৱা চিঠিৰ জাপ এটা উলিয়াই লৈছিলো। কোনোবা এখন চিঠিত হয়তো উত্তৰ এৰিজোনা প্ৰদেশৰ মোহনীয় বৰ্ণনা, কোনোবা এখনত আৰ্কানছাছ নদীৰ ৰূপ। মই কোনোপধ্যেই বুজি নোপোৱা বহুজাতিক কোম্পানিৰ কথা।

 চিঠিবোৰ এখন এখনকৈ পঢ়ি বহুত সময়লৈ মই আপোন-পাহৰা হৈ থাকিছিলো। কিন্তু তাৰ মাজতেই অভিমানৰ একো একোটা নিয়ৰ টোপালে মোৰ চকু দুটা আৰ্দ্ৰ কৰিব খুজিছিল। মই কেতিয়াবা,—আনকি এতিয়াও ভাবোঁ,—অন্ততঃ দেউতাকৰ শেষ