পৃষ্ঠা:ওভতনি যাত্ৰা আৰু অন্যান্য.pdf/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অক্টোপাছ/৭৩
 


নিৰ্মীয়মাণ অট্টালিকাৰ লেখীয়া ঘৰ এটাৰপৰা ভাহি অহা কিছুমান ধাতৱ শব্দই অঞ্চলটোক গ্ৰাস কৰিবলৈ আপ্ৰাণ চেষ্টা কৰিছে, তেনেকুৱাতে মোৰ অনুসৰণকাৰীজন আহি মোৰ নিচেই কাষতে ৰৈ গ'ল।

 আৰু এই সমগ্ৰ পৰিস্থিতিটোত এটা নতুন মাত্ৰা যোগ কৰিবলৈকে যেন কাঠ হাঁহি এটা মাৰি তেওঁ সুধিলে,— ‘আপুনি বাৰু মোক পকেটমাৰ বা ডকাইত বুলি ভাবিছেনে কি?”

 “নাই ভবা। পকেটমাৰ হোৱা হ'লে মোৰ পিছ নলৈ আপুনি বাছৰ ভিতৰৰ ঠেলা- হেঁচাৰ সুবিধা এটাহে ল'লেহেঁতেন। আৰু ডকাইতে গুৱাহাটীৰ মেইন ৰ’ড এটাৰে খোজকাঢ়ি গধূলি,— অন্ততঃ এনেকুৱা সময়ত অফিছৰপৰা অহা মানুহক সচৰাচৰ অনুসৰণ নকৰে।”

 “তেনেহ'লে?”

 “তেনেহ'লে শুনক। দীঘলীপুখুৰীৰ পাৰত আপোনাৰ হাঁহিটো দেখি মোৰ ভাব হৈছিল আপুনি কোনোবা এটা বীমা কোম্পানিৰ এজেণ্ট। আৰু বিশ্বাস কৰক, যোৱা তিনি-চাৰিটা বছৰত মই আটাইতকৈ ভয় কৰি চলা প্ৰাণীবিধ হৈছে এনেকুৱা একো একোজন বীমা কোম্পানিৰ এজেণ্ট। আপোনালোকৰ অনেকেই চাকৰি কৰা মানুহৰ তালিকা তৈয়াৰ কৰে, ফোন নম্বৰ সংগ্ৰহ কৰে, কাৰোবাৰ কেঁচুৱা হ'বলগীয়া থাকিলে নাৰ্ছিংহোমত পৰ দিয়ে আৰু যদিও সকলো এজেণ্ট একে ধৰণৰ নহয়, তথাপি, তথাপি মোৰ মনত এটা ভয় সোমাই গৈছে।”

 “কিন্তু মইতো এটা ঋণ সম্পৰ্কীয় লেঠাত পৰিহে আপোনাক বিচাৰি আছোঁ। আপোনাৰ বাল্যকালৰ বন্ধু মলয় শৰ্মাই আপোনাক লগ ধৰিবলৈ মোক কৈছিল, কি কৰিলে ভাল হ’ব তাকে সুধিবলৈহে আপোনাক বিচাৰি বেংকলৈ গৈছিলো।”

 খন্তেকৰ বাবে মই যেন সকাহ পালো। মলয়ে আগতেও মোক আমনি কৰি থৈছে। সেই কথাটো ভাবি টিঙিচকৈ খং উঠিল। তথাপি সংযত হৈ মই মানুহজনক ক'লো,— “চাওক, বেংকৰ ঋণ সম্পৰ্কীয় কথাবোৰ মই ডিল নকৰোঁ। আপুনি আমাৰ ফিল্ড অফিছাৰ নাইবা পোনে-পোনে ব্ৰাঞ্চ মেনেজাৰক কথাটো সুধিবগৈ।”

 এইবাৰ মানুহজনে আৰু সময়ৰ অপচয় নকৰিলে। সেই ব্যৱসায়িক হাঁহিটো মাৰি আঁতৰি গ'ল।

 মোৰো পলম হৈছে। মই এতিয়া ঘৰলৈ যাব খোজোঁ। ইয়াৰপৰা গুৱাহাটী ক্লাবলৈকে খোজকাঢ়ি, তাৰপৰা ছেণ্ট মেৰিজ স্কুলৰ সমুখেৰে যাবলৈ এখন ৰিক্সা ল’ব পাৰোঁ। কিন্তু ৰিক্সাৱালাক জানো সি যাবলৈ মন নকৰা ঠাইলৈ নিব পাৰি?

 অগত্যা গুৱাহাটী ক্লাবৰ বাছষ্টপত ৰৈছোঁ। অসংখ্য অচিনাকি মানুহ আহিছে, গৈছে।