পৃষ্ঠা:ওভতনি যাত্ৰা আৰু অন্যান্য.pdf/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭২/ ওভতনি যাত্ৰা
 


পুনৰ পিন্ধিবলৈ আৰম্ভ কৰোঁ, — সেইবোৰ সকলোৰে অলক্ষিতে থাকি যায়। চাকৰি যে দুটা, সেইটোৱেই হিচাপ; উপাৰ্জন আৰু খৰচ কিমান, সেইটোৰ আৰু হিচাপ নহয়।

 মোক অনুসৰণ কৰা মানুহজনে এটা সেউজীয়া চোলা পিন্ধিছে। গতিকে বেংকত মোক বিচাৰি অহা মানুহজন এইজনেই হ’ব লাগে। চাওঁ-নাচাওঁকৈ মই এবাৰ উভতি চাইছোঁ। মই যেতিয়া মিউজিয়ামৰ সমুখৰ তিনিআলিটো পাইছোঁ তেওঁ তেতিয়া ডিষ্ট্ৰিক্ট লাইব্ৰেৰিৰ প্ৰথম গে’টখন অতিক্ৰম কৰিছে। চকুৱে চকুৱে পৰোঁতে মোৰ উপাধিটোৰে তেওঁ এবাৰ চিঞৰি মোক মতা যেন লাগিছে।

 সেই সময়তে মোৰ ভাব হ’ল যে মানুহজনে মোক লগ পাবলৈ আৰু বেছি সময় নালাগিব। এইবাৰ মই এটা বুদ্ধি কৰিলো। ঘৰলৈ যোৱাৰ পৰিকল্পনাটো মই সাময়িকভাৱে স্থগিত ৰাখিলো। চিকাৰীৰ গুলী খাই আহত হোৱা হৰিণৰ ট্ৰেজিক গল্প এটা সৰুতে পঢ়িছিলো। গুলীবিদ্ধ হৈ প্ৰথমতে হৰিণটোৱে ঘৰলৈ বুলি, দৌৰি পাছত যে তাৰ গতিপথ সলনি কৰিছিল, জানোচা তাৰ ক্ষতস্থানৰপৰা নিগৰি পৰা তেজৰ দাগ অনুসৰণ কৰি চিকাৰীহঁতে তাৰ লগৰীজনকো মাৰি পেলায়।

 মই আমবাৰীৰ মেইন ৰ’ডেৰে গৈ ষ্টেডিয়ামৰ ওচৰৰ অ'ভাৰব্ৰিজখনত উঠাৰ কথা চিন্তা কৰিলো। অথচ মোৰ ভাগৰ লাগি আহিছে। ভৰি দুখন ক্ৰমে অৱশ হৈ আহিছে।

 এতিয়া ৰাস্তাৰ কাষৰ দোকান এখনত সোমাই মই যদি কেইটামান মানুহ গোটাব পাৰোঁ, তেনেহ'লে সমস্যাটোৰ এটা তাৎক্ষণিক সমাধান হয়। তাৰিণী চৌধুৰী বালিকা বিদ্যালয়ৰ নিচেই ওচৰৰ ট্ৰেফিক পইণ্টটোত এজন দুৰ্দান্ত চেহেৰাৰ ট্ৰেফিক পুলিছক হুইছেল বজাই থকা দেখোঁ। তেওঁক সবিশেষ জনালেও ঘটনাটোৰ এটা চৰম পৰিণতি আশা কৰিব পাৰি। কিন্তু পুলিছ আৰু ঈশ্বৰে মানুহৰ সমস্যা উপলব্ধি কৰিব পাৰেনে?

 আৰ্টফেড নামৰ ডিপাৰ্টমেণ্টেল দোকানখনৰ কাষৰ টেলিফোন বুথটো দেখি মনত পৰিল-ঘৰত মায়া অকলে আছে। ওভতোঁতে পলম হ’ব বুলি অন্ততঃ এটা খবৰ দিয়াটো প্ৰয়োজনীয় আছিল। অথচ টেলিফোন বুথত সোমাৱা মানেই অনুসৰণকাৰীৰ ওচৰত অত্মসমৰ্পণ কৰা। তিনি মিনিট ক'ৰবাত থিয় হোৱাৰ অৱকাশ থাকিলে মই এটা ছিগাৰেটেই জ্বলালোহেঁতেন।

 ছিগাৰেটৰ কথা মনত পৰোঁতে মোৰ মনটো দুৰ্বল হৈ পৰিল। “যি হয় হৈ থাকিব ধৰণৰ এটা বেপৰোৱা ভাবো মোৰ মনলৈ আহিল আৰু স্বয়ংক্ৰিয়ভাৱে এখন সৰু পাণ- তামোলৰ দোকানৰ সমুখত মই ৰৈ গ'লো।

 কেইটামান মুহূৰ্তহে পাৰ হৈছে, দোকানখনৰ ভিতৰৰ মানুহজনে ছিগাৰেটৰ ব্ৰেণ্ডটোৰ কথা সুধিছে, অলপ দূৰত ৰৈ থকা গাড়ী এখনে হঠাৎ গৰ্জন কৰিবলৈ আৰম্ভ কৰিছে, ত্ৰিভুৱন কঁপাই মহানগৰীৰ জীৱনযাত্ৰাত ই চামিল হ’বলৈ আয়োজন কৰিছে, ওচৰৰ