পৃষ্ঠা:ওভতনি যাত্ৰা আৰু অন্যান্য.pdf/১০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ওভতনি যাত্রা / ১১১
 


কৰিলো যে এইমাত্ৰ কোনোবা আহিছিল নে কি, আৰু এটা অৰ্ধবৃত্তৰ আকাৰত মুখখন মেলিলো, সেই মুহূৰ্তত মোৰ এনে লাগিল যেন ভিতৰকোঠাত কোনো অন্য পুৰুষৰ কণ্ঠস্বৰ। যদিও সেই কণ্ঠ অনুচ্চ আৰু অস্পষ্ট, তথাপি, জাৰকালি কোনো এক মৰমিয়াল গৰাকীৰ কোঁচত কুঁচি-মুচি সোমাব খোজা মেকুৰী এটাৰ ডিঙিৰ শব্দৰ সৈতে তাৰ এটা তুলনা কৰা যায়।

 দুটা মুহূৰ্ত মই এডোখৰ শিলৰ দৰে অলৰ-অচৰ হৈ থাকিলো। মোৰ হৃদস্পন্দন অভাৱনীয়ভাৱে বাঢ়ি গ'ল আৰু বুকুত এটা অবৰ্ণনীয় কষ্ট আৰম্ভ হ’ল।

 পাংখা মেৰামতি কৰিবলৈ অহা ল’ৰটোৱে বৰ অমায়িকভাৱে সুধিলে,—“ছাৰ, ভিতৰলৈ যাব লাগিব নে কি?”

 “ওহোঁ” —এটা চোৰৰ দৰে মই মোৰ কণ্ঠস্বৰ নিম্নতম শ্ৰব্যসীমালৈ অৱনমিত কৰিলো আৰু অবিশ্বাস্যভাৱে মিছাকৈ ক’লো,—“ভুল হৈ গ'ল; মই হয়তো পাহৰি আন কাৰোবাৰ ঘৰত সোমাইছোঁহি; কিন্তু যিয়েই নহওক, তুমি এতিয়া যোৱাগৈ, আৰু যদি একো নাভাবা, তেন্তে এইকেইটা টকা তোমাৰ সময় খৰচ আৰু বাছভাৰাৰ বাবদ লোৱাহি।”

 ল’ৰাটোৱে এটা সন্দেহৰ দৃষ্টিৰে মোলৈ চালে আৰু টকাখিনি লৈ মোৰ চকুৰ আঁতৰ হ'ল।

 ভিতৰত তেতিয়াও এটা মৃদু, উচ্ছ্বাসভৰা আলাপন।

 মোৰ কাণ দুখন গৰম হৈ আহিল, দুচকুৰ দৃষ্টি অস্পষ্ট হৈ আহিল আৰু মই অনুভৱ কৰিবলৈ ধৰিলো যে কোঠাটোৰ উষ্ণতা অকল্পনীয়ভাৱে বাঢ়ি গৈছে আৰু এতিয়াই ইয়াৰপৰা ওলাই নগ’লে মোৰ শ্বাসক্ৰিয়া চলাই ৰখাটো অসম্ভৱ।

 কিয় জানো, ঘৰৰ সন্মুখত ৰৈ থকা মোৰ স্কুটাৰখনক এটা জন্তু যেন লাগিল, সন্মুখৰ ৰাস্তাটোক এটা মৃত সাপ যেন লাগিল আৰু আপোনমনে হাঁহি-মাতি অহা-যোৱা কৰি থকা ৰাস্তাৰ মানুহবোৰক একোটা হৃদয়হীন যন্ত্ৰ যেন ধাৰণা হ’ল। মই একপ্ৰকাৰ দৌৰিবলৈ আৰম্ভ কৰিলো আৰু এটা দীঘলীয়া, ক্লান্তিকৰ দৌৰৰ অন্তত হঠাৎ মোৰ নিচেই কাষত আৱিষ্কাৰ কৰিলো এখন চিনাকি মুখ—বৃদ্ধ, উন্মাদ ইলিয়াচ। তেওঁক মোৰ খুব আপোন যেন লাগিল আৰু মই ভাবিলো যে তেওঁৰ কাষত আৰু কেৱল তেওঁৰেই কাষত অকণ আশ্ৰয় লোৱা যায়।

 “ইলিয়াচ”—মই বৰ ভাগৰুৱা কণ্ঠেৰে তেওঁক এটা সম্বোধন কৰিলো। সেই সম্বোধনৰ প্ৰতি তেওঁ কোনো ভ্ৰূক্ষেপ নকৰিলে।

 মই পুনৰ উচ্চাৰণ কৰিলো, —“ইলিয়াচ।”

 এইবাৰ তেওঁ তেওঁৰ চৌপাশে এবাৰ দৃষ্টি নিক্ষেপ কৰিলে আৰু যেতিয়া দেখিলে যে নিশ্চিতভাৱেই তেওঁৰ কাষৰে-পাঁজৰে কোনো তৃতীয় ব্যক্তি নাই, তেতিয়া তেওঁ ওলোটাই মোক প্ৰশ্ন কৰিলে, – “কোন ইলিয়াচ?”