পৃষ্ঠা:ওভতনি যাত্ৰা আৰু অন্যান্য.pdf/১০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১০/ওভতনি যাত্ৰা
 

অৱশ্যে মই ভাবিলো যে মোৰ উৰ্ধ্বতন বিষয়াজন যিহেতু মোৰেই শিবিৰৰ মানুহ; কিয়নো আমাৰ ঘৰলৈ আজিকালি তেওঁৰ এটা নিয়মিত অহা-যোৱা হৈছে, গতিকে মোৰ বদলিৰ স্থগিতাদেশৰ সপক্ষে এষাৰ লিখি দিবলৈ তেওঁক এটা মোক্ষম অনুৰোধ কৰা যায়।

 অফিছত এনেয়েও এটা অচলাৱস্থা বিৰাজমান। কোন কেতিয়া সোমায়হি আৰু কেতিয়া ওলাই গুচি যায় তাৰ ঠিকনা নাই। কাম নাই, শৃংখলা নাই, ফাঁকি আৰু টালি-বাজিৰ বিৰুদ্ধে কৈফিয়ৎ তলবৰ কোনো ব্যৱস্থা নাই, আনকি এইযে হঠাৎ এটা বদলিৰ নিৰ্দেশ তাৰো কোনো নিৰ্দিষ্ট উদ্দেশ্য নাই।

 মোৰ অনেক অনুনয়-বিনয় সত্ত্বেও বিষয়াজনে কথাটোত যথোচিত গুৰুত্ব নিদিলে। তেওঁ বৰ নিৰ্বিকাৰভাৱে ক’লে,—“কিনো কথা! যাওক, ছমাহমান এখন নতুন ঠাই ফুৰি আহকগৈ, তাৰ পাছত মইতো আছোঁৱেই, আকৌ লৈ আহিম আপোনাক ইয়ালৈ, সেইবাৰ প্ৰম’শ্যনৰে সৈতে।”

 মই অকণো আশ্বস্ত হ’ব পৰা নাই। তিনি-চাৰিদিন এনেদৰে অতিবাহিত হৈছে। ক’তো মন বহুৱাব পৰা নাই।

 আজি এটা তাৰিখ মোৰ চিকিৎসকৰ সৈতে কথা পতাৰ বাবে নিৰ্ধাৰণ কৰি থোৱা আছে; তালৈ যাবলৈ কেইটামান ঘণ্টা বাকী। ছোৱালীজনৰ স্কুল ছুটী হ’বলৈ কিছু সময় আছে; তালৈ যাবলৈকো অন্ততঃ এঘণ্টা বাকী। হঠাৎ মনত পৰিল যে ছিলিং ফেন মেৰামতি কৰা মানুহ এটাৰ কথা পৰিবাৰে কিছুদিন ধৰি কৈ আছিল আৰু অভ্যাসবশতঃ মই পাহৰি আছিলো, কিন্তু আজি এতিয়া মনত পৰোঁতেই যদি মানুহ এটাক নিব নোৱাৰোঁ, তেন্তে হয়তো কোনোদিনেই নহ’বগৈ। তদুপৰি মই ভাবিলো যে গধূলিৰ পাছত বিদ্যুতৰ কাম কৰাটো নিশ্চয় সুবিধাজনক নহয়। সেয়েহে আগতীয়াকৈ ঘৰলৈ যাবলৈ এটা অনুমতিৰ বাবে অফিছৰ আটাইতকৈ সুসজ্জিত কোঠাটোৰ কলাপছিবল দুৱাৰখনত এটা মৃদু চাপ প্ৰয়োগ কৰিলো। মই মন কৰিলো যে যদিও চকীখন শূন্য, তথাপি এটা কৰ্তৃত্বৰ ভাব কোঠাটোত বিৰাজমান। এটা দুৰ্লভ ব্ৰেণ্ডৰ ছিগাৰেট আৰু খুব পৰিচিত যেন লগা এবিধ সুগন্ধিৰ মিশ্ৰিত গোন্ধ কোঠাটোত বিলীয়মান।

 মই পলম নকৰিলো আৰু অফিছৰ নিচেই ওচৰৰ আলোছায়া ইলেকট্ৰিকেলছ নামৰ দোকান এখনৰপৰা পাংখা ভাল কৰিব পৰা ল’ৰা এটাক স্কুটাৰত তুলি ঘৰ অভিমুখে যাত্ৰা কৰিলো। স্কুটাৰখন ষ্টেণ্ড কৰি, ল’ৰাটোক মোৰ পিছে-পিছে আহিবলৈ কৈ মই যেতিয়া মোৰ ঘৰৰ প্ৰথম কোঠাটোত সোমালো তেতিয়া মোৰ এনে লাগিল যেন এটা দুৰ্লভ ব্ৰেণ্ডৰ ছিগাৰেটৰ গোন্ধ বিয়পি পৰিছে কোঠাটোত, যিটো মই অলপ আগতে পাই আহিছোঁ ক'ৰবাত, কিন্তু ক’ত পাইছিলো পাহৰি গৈছোঁ। আৰু সেই মুহূৰ্তত ছেণ্টাৰ টেবুলখনৰ পিনে লক্ষ্য কৰি দেখিলো যে ছাইদানীটোত এটা সদ্যনিৰ্বাপিত ছিগাৰেটৰ অৱশেষ। ছিগাৰেটটোৰ গৰাকী সম্পৰ্কে নিশ্চিত হ’বলৈ মই যেতিয়া এই কথাটো সুধিবলৈ আয়োজন