পৃষ্ঠা:ওভতনি যাত্ৰা আৰু অন্যান্য.pdf/৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৬/ওভতনি যাত্ৰা
 


নহয়। অথচ মাতৃৰ মমতা বুলিও যে কথা এষাৰ আছে সেই কথাটোৱে মাজে মাজে মোক কৰি তোলে ভীষণ আৱেগিক।

 গৃহস্থ ঢুকোৱাৰ পাছত, যদি আমাৰ সৰুপুত্ৰ চন্দনৰ প্ৰশ্নটো জড়িত হৈ নাথাকিলহেঁতেন তেন্তে মই কিজানি এই ঘৰ এৰি, এই আওহতীয়া ঠাইডোখৰ এৰি গুচি গ'লোহেঁতেন বাবন থকা সেই অদ্ভুত, মায়াৱী দেশখনলৈ, য’ত হয়তো সি অৰ্জন কৰিছে কিছু প্ৰতিপত্তি আৰু সন্মান।

দুই

 বাহিৰত ঘটংকৈ এটা শব্দ হৈছে। এযোৰ হাৱাই ছেণ্ডেল আগবাঢ়ি আহিছে— উচ্ছৃংখল আৰু বিক্ষিপ্ত। দুৱাৰত টোকৰ মৰাৰ প্ৰশ্ন নাই, ভিতৰলৈ সোমাবলৈ অনুমতি লোৱাৰ প্ৰয়োজন বোধ নাই। কোন?

 কুকি। সেই আঠবছৰীয়া ল'ৰাটোৰ বাহিৰে এই ঘৰখনলৈ যেতিয়াই-তেতিয়াই সোমাই আহিবলৈ আৰু আছেইবা কোন!

 কুকি আৰু মই। দুপৰীয়াৰ এই সময়কণ আমি দুয়ো বৰ ওচৰা-উচৰিকৈ কটাওঁ। অথচ আমাৰ দুয়োৰে দুখন নিজা পৃথিৱী আছে। তাৰ অকণমানি চকুদুটাত আছে ভৱিষ্যতৰ অলেখ সপোন আৰু মোৰ ভাগৰুৱা মনটোত থিতাপি লৈ আছে অতীতৰ অনেক ডুখৰীয়া স্মৃতি। মোৰ এই অকলশৰীয়া অৱস্থাটোৰ কোনো তাৎক্ষণিক সমাধান নাই। আনহাতে কুকিৰ নিঃসংগতা সাময়িক। দূৰৰ স্কুল এখনত চাকৰি কৰা এহাল মানুহ তেওঁলোকৰ কৰ্মক্ষেত্ৰৰ পৰা উভতি নহা পৰ্যন্ত সি ইয়াতেই থাকিব। তাৰ স্কুল সোনকালে ছুটী হয়,- - সেইকাৰণে এই ব্যৱস্থা। ভালেই হৈছে। চুবুৰীয়া মানুহ এঘৰক উপকাৰ কৰাৰ নামত মোৰহে যেন সময় কটোৱাৰ এটা উপায় ওলাল।

 এতিয়া সি এসোপা লাংখা-লিংখি উলিয়াই ল’ব। আমাৰ ঘৰতেই কোনোবা এচুকত তাৰ প্ৰয়োজনীয় ক্ৰীড়া-সামগ্ৰী সযতনে লুকুৱাই থোৱা আছে। অৱশ্যে নগৰত বাস কৰা স্কুলীয়া ল’ৰাবোৰৰ দৰে চালে চকুৰোৱা খেলৰ সৰঞ্জাম তাৰ নাই। এটা পুৰণা, ভগা ৰেডিঅ’ৰ ভিতৰৰ লাম-লাকটু, এডোখৰ চুম্বক, সময়ৰ সৈতে কোনোদিনেই সম্পৰ্ক নৰখা এটা ৰংচঙীয়া প্লাষ্টিকৰ ঘড়ী,— সম্পত্তিৰ নমুনা হিচাপে এইকেইবিধ বস্তুৰ নাম উল্লেখ কৰিব পৰা যায়। বাবন, চন্দনহঁতৰ কেনেবাকৈ থাকি যোৱা দুই-এপদ সামগ্ৰীও উত্তাৰাধিকাৰী সূত্ৰে যেন তাৰ।

 বাবনে লিখা শেষ চিঠিখনৰ খামৰ পৰা যোৱা সপ্তাহত ডাক টিকট দুখনমান এৰুৱাই দি কৈছিলো,—“এইকেইখন বাবন মামা থকা দেশৰ টিকট।”