পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/১১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৩

আৰ্লেং
(এক)

নিৰ্মালি সন্দিকৈ

 বতৰে জাগল পাতিছিল। সাতোদিনে নেৰানেপেৰা বৰষুণৰ কোবত কোনো ক'লৈকো ওলাই যাব নোৱাৰা হৈছে।গাহৰি সোপাৰ মাজলৈ কচুপাতৰ বোজাটো দলিয়াই কাদম তিমুংপী পিৰালিত উঠিল। গাহৰি সোপাৰ নোকনোকনি তলপেলাই তাই ডাঙৰকৈ চিঞৰিলে,“কাৱে”।

 কাৱে ক'ৰবাৰ পৰা দৌৰি আহি কাদমৰ গাতে গা লগাই বহিল। কাদমে বৰষুণৰ পানীত ভিজা পেককখন চেপি চেপি কলে,বুইছ! বেয়া দিন পৰিল। ক’তো একো পাবলৈ নাই। চাৰছ’হঁতৰ বুঢ়ীজনীয়ে পেলাই দিয়া কলবাকলি সোপাকে লৈ আহিলো। তাকে খাই পেটটো ভৰা। কাদমে কাৱেৰ মুখৰ আগতে মোনাৰ পৰা কল বাকলি এগাল উলিয়াই দিলে। তাই সেই গালকে পৰম তৃপ্তিৰে চোৰাবলৈ ধৰিলে। কাদমে কাৱেৰ উফন্দি অহা পেটটো মোহাৰি মোহাৰি আকাশলৈ চাই থাকিল। একেই!! একেই! চাৰলংকি উপজা বছৰটোত এনেকৈয়ে বৰষুণ দিছিল। এনেকৈয়ে আন্ধাৰ হৈ পৰা পৃথিৱীৰ বুকুলৈ পোহৰৰ দিপ্তী অহা বন্ধ হৈ গৈছিল আৰু বৰষুণ নহা দিনবোৰত?? সেই দিনবোৰত গাঁৱে গাঁৱে জুই জলিছিল। মাজৰাতিৰ নিৰ্জন প্ৰহৰ ভেদি উফৰি আহিছিল কাৰোবাৰ মৰণকাতৰ আৰ্তনাদ।

 দুপৰীয়ালৈ ৰ’দ এজাক ওলাল। কাদমে বোৱাৰীয়েকৰ লগত লাগি ভাগি ভিতৰতে ৰছীত মেলি থোৱা কাপোৰ সোপা জেউৰাই জপনাই মেলি দিলে। কাপোৰৰ বিৰক্তিকৰ গোন্ধটোৱে তাইৰ পেটটো পকাই আনিলে। কোনোমতে সেপ গিলি উভতিব লওঁতেই বোৱাৰীয়েকে আব্দাৰেৰে ক'লে,পাই (আই) লংকিৰ মাছ পুঠি কিবা খাবলৈ মন গৈছে হবপায়! বিললৈ যাবলৈ জেওৰ ধৰিছে। আপুনিয়ে লৈ যাওক নহ'লে। গাটোও ধুৱাই আনিব তাক।

 ডেও দি যোৱা হৰিণাৰ খোজেৰে লুটি বাগৰ মাৰি লংকি আইতাকৰ আগে আগে বিল পালেগৈ। তেজীমলা গছবোৰৰ মাজেৰে বিললৈ নামি যোৱা বাটটোৰে সি নামি গ'ল। আইতাকৰ হকা বধা চিঞৰ বাখৰ তাৰ কাণত নোসোমাল। কাদমে শকত আৱত দেহাটোৰে পানীত নামেগৈ মানে লংকিয়ে শিল এছটাত বহি আইতাকলৈ পানী ছটিয়াবলৈ ধৰিলে। হাঁহোতে মুদ খাই যোৱা সৰু সৰু চকুহাল টিপিয়াই আইতাকক সি জোকালে “ঐ গামবুৰী, আমাৰ ফালে আহিবিনা! ভাল ভাল মাছ আনিছে।”

 কাদমৰ খং উঠিলেও হাঁহি হে ওলাল। দেওবৰীয়া বজাৰত চালানী মাছৰ বেপাৰীবোৰে লংকিৰ দৰেই গ্ৰাহকক মাতি আকৰ্ষণ কৰিব খোজে। কাদমে আকৌ সেইবোৰ মাছৰ কাষেই নেচাপে। কাদমে নোৱাখালি মাছ বেপাৰীৰ ভাও ধৰা লংকিৰ কাষলৈ গৈ তাক ভাকুটকুটাই দিলে। “আমাৰ ফালে তো ইনেকা মাছ নেখাই হ' বেপাৰী। ইনেকা হে খায়” “এই বুলি কাদমে কেঁকোৰা এটা হাতেৰে ওপৰলৈ তুলি ধৰিলে। লংকি আৰু কাদমৰ খিলখিলনিত চক খাই বিলৰ পাৰত পৰ দি থকা বগলী এজাক দূৰলৈ উৰি গ'ল।

০০ ০০ ০০

 ভাদমাহ সোমোৱাৰ দিন ধৰি বৰষুণৰ কোব কমি আহিল। দুদিনমান আগতে বনলতাই ঘৰৰ বন্ধা এটা পঠিয়াই কাদমক মাতি পঠিয়াইছে বোলে গুৰুজনাৰ তিথিতে ভাওনাখন পৰিছে, দুদিন আগতেই যেন ঘৰে ঘৰুৱাহে এটাইখন উঠি যায়। বন্ধাটোৰ কথা শুনি কাদমৰ খং উঠি গ'ল। গৰুৱে গাহৰিয়ে হাঁহে কুকুৰাই অতখন গৃহস্থী এৰি থৈ তাই এতিয়া ভাওনা চাবলৈ নগৈহে পাৰিছে! ইফালে কাৱেজনীও আজি জগো, কালি জগোঁ অৱস্থা। কাদমে বকি বকি বন্ধাটোক নাৰিকল গছত তুলি পূৰঠ নাৰিকল বোৰ পাৰি পেলাবলৈ দিলে আৰু বাৰান্দাৰ খুটাটোত আঁউজি আকাশ পাতাল ভাবি থাকিল। বনলতাৰ লগত তাই

অকল মনৰ মিল নহয় ,দুইজনীৰ বন্ধুত্ব যেনিবা লাওটোকোৰাত সোমাই থকা কোনোবা ৰজাৰ সাঁচতীয়া জীৱহে! ভিন্ন শৰীৰ,

অৰ্দ্ধ-আকাশঃ ৰচনাসমগ্র, প্রথম খণ্ড